অসমবাসীলৈ শ্ৰদ্ধা, মৰম আৰু শুভকামনাৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।
এই পৱিত্ৰ, আনন্দময় উৎসৱে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক নতুন আশা, নতুন প্ৰেৰণা, সুখ-সমৃদ্ধি আৰু শান্তিৰ বতৰা।
ৰঙালী বিহুৱে সমাজত ঐক্য, ভাতৃত্ববোধ, সম্প্ৰীতি আৰু সংস্কৃতিৰ বান্ধোন অধিক দৃঢ় কৰি তোলক।